Home > Poem > Beauty

আকৌ বহাগ আহিল

By Kalyan Kumar Kalita | Category :: Poem


নিসংগতাই ছানিধৰা আকাশৰ তলত
নীৰৱে কঁপি থকা অসমখনিৰ বুকুলৈ
এটোপাল শান্তিৰ নিয়ৰ সৰিল
অনাহাৰে অনিদ্রাই পাৰ কৰা
দুখীয়া পঁজাৰ বেৰত
আকৌ এবাৰ আনন্দৰ জোৱাৰ উঠিল
খোপাত কপৌপাহি গুঁজি
মুগাৰ সাজ পিন্ধি
এলাজ দুলাজ কৈ আহি থকা
নাচনীজাকৰ খোজত চঞ্চলতা সৰিল
আকৌ বহাগ আহিল
ন-কইনাৰ বসন পিন্ধি
চৌপাশ উন্মাদ কৰি.........

বহাগ আহিল তাঁতশালৰ খপ্ খপ্ শব্দত
জুহালৰ কাষত ঠাহখাই থকা
লাডু-পিঠাৰ সুগন্ধিত
বহাগ আহিল বিহুৱাজাকৰ ঢোলৰ চাপৰত,নাচনীৰ চেওত

আকৌ বহাগ আহিল...............।।।।।




-কল্যাণ কুমাৰ কলিতা
দিছপুৰ,গুৱাহাটী
ফোন নং-৯০৮৫০৮৪৮৭৫

By Kalyan Kumar Kalita | Apr 4, 2013 | Category > Poem >Beauty | Comments 1 | Views 4040

 
Comments
Bikash Kalita
NICE
 

Read More Related Poems