Home > Poem > Beauty

সপোন

By Kalyan Kumar Kalita | Category :: Poem


মোৰ দুখৰ বৰষুণত
সেমেকি থকা উকা কোলাত
তুমি তুলি দিলা
এটি ৰঙীণ সপোন
সেই সপোনৰ ভাঁজে ভাঁজে
জিলিকি উঠিল
সুখৰ একাঁজলি ৰ’দ
সেই ৰ’দজাকৰ নীলাভ উষ্ণতাত
নুমাই থাকিল
মোৰ বুকু কঁপাই যোৱা
গভীৰ এন্ধাৰৰ পল.........।।


তুমি জগাই দিয়া
সপোনটিৰ সুবাসত
গঢ়ি উঠে মোৰ কলিজাত
ন আশাৰ বালিঘৰ
হেৰাই যোৱা কপৌজনীয়ে
আকৌ তোলে
হেপাহৰ চাংঘৰত
আশাৰ স্বৰ............।।।


মোৰ আকাশ কপাই
খিলখিলাই উঠে
এটি গর্ভজাত শিশুৰ
হাঁহিৰ খলকনি
নিৰাশাৰ মলিন পোছাক ফালি
আন্ধাৰৰ গভীৰতাক নেওচি
ধিমিক ধামাক দিঠকৰ
দিয়ে আৱাহনী.........।।।।


এই সৰগীয় সপোনটিৰ ঢাপত
ৰুই দিলো
মোৰ জীৱনৰ ৰৈ যোৱা
প্রতিটো ক্ষণ
পোখা মেলি ঠন ধৰি উঠা
সুখবোৰ সাবতি
পাৰ কৰি দিব বিচাৰো আজীৱন...............।।।।।।




-কল্যাণ কুমাৰ কলিতা
দিছপুৰ,গুৱাহাটী
ফোন নং-৯০৮৫০৮৪৮৭৫

By Kalyan Kumar Kalita | Mar 25, 2013 | Category > Poem >Beauty | Comments 1 | Views 3555

 
Comments
Rubi Sarma
Nice poem.
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
 
Poem :: The Dusk