Ranadeep koushik Assamese Poem

By Ranadeep Koushik | Category :: Poem

কবিতাৰ শিৰোনামা - ✨ বহাগৰ বহাগী ✨
কবি-✍ ৰাণাদ্বীপ কৌশিক ,
তাৰিখ- ০২/০৪/২০১৭

তোমাৰ জীৱনৰ তোমাৰ সপোনৰ
আলহী মই
তোমাৰ মৰম ভালপোৱাৰ
আলহী মই...

অতীতৰ সেই মধুৰ দিনবোৰত
তোমাক বিছাৰি গৈছিলোঁ
মৰম নামৰ এখন নাটকৰ পথাৰলৈ ,

বিহুৰ সাজেৰে সাজি ৰৈ আছিলা আহঁতৰ
তলত মোৰ বাবে তুমি

জেতুকাৰে ৰাঙলী হাতত বিহুৱান খামুচি ,

সপোনৰ কইনাজনীক কাষৰতে দেখা পাই
লাজৰ ওৰণি গুচাই চাই ৰৈছিলো বহু সময় লুকা ভাকু খেলি ,

শুনিছিলো দূৰৈত ঢোলৰ গুমগুমনি
সোণালী অসমৰ ডেকা গাভৰু আমি ...

দৌৰি দৌৰি গৈছিলোঁ হাতত হাত ধৰি
বিহুৰতলিলৈ বুলি ...

তেতিয়াই নামি আহিছিল নীলিম আকাশৰ
টোপাল টোপাল বৰষুণ
আমাৰ হৃদয়লৈ বুলি ...

আমাৰ মৰম নাটকৰ

নীলিম আকাশৰ চৰিত্ৰটো
আছিল অতি মনোমোহা ,

এজাক বহাগৰ প্ৰেমৰ বৰষুণত
তিতি তিতি
হাঁহিছিলো আমি ,

এতিয়া সেয়া যেন সাধুকথা
দুবছৰ আগৰ বহাগৰ সোণালী সপোনৰ কথা ,

আজি আকৌ আহিছে বহাগৰ বহাগী
কিন্তু আজি তুমি নাই মোৰ হৃদয়ৰ মঞ্চত ,

মৰম নাটকৰ দৃশ্যৰ পৰা তুমি নামৰ চৰিত্ৰটো
নিঃশেষ হৈ পাহৰণিৰ গৰ্ভত প্ৰৱেশ কৰিছে ...


লাহে লাহে
লাহে লাহে ...







By Ranadeep Koushik | Sep 17, 2017 | Category > Poem >Love / Romance | Comments | Views 240

 
Comments
 

Read More Related Poems