Home > Poem > Sad

Assamese Poem

By Ranadeep Koushik | Category :: Poem

কবিতাৰ শিৰোনামা - ✨ নৰপিশাচ ✨
কবি - ৰাণাদ্বীপ কৌশিক
তাৰিখ - ২৩/০৫/২০১৭ ,

আজিৰ মানুহক লাগে বিলাসী ঘৰ বিলাসী গাড়ী
ঘুৰিব বিচাৰে বিলাসীতাৰে কাৰোবাৰ সপোন চুৰ কৰি ,

ঘুৰি নাচায় কাৰোফালে তেওঁৰ মহান ব্যক্তিত্বত
চেকা লাগিব বুলি ...

তেনেহেন মহান মনুষ্যৰ মনবোৰ যেন এটি চৰাইৰ সজাঁ,

সজাঁত আৱদ্ধ মনুষ্যই বুজিব কি কৰুণ সাগৰৰ গভীৰতা,

কিমাননো চিঞৰি গাম আজি বিপ্লৱৰ গান,
আহ্ আহ্ ওলাই আহ্ সজাগ জনতা ...

আজিৰ মানৱে টকাৰ লালসাত পৰি বিক্ৰী কৰে নিজৰ বিবেকক ...

বিবেকহীন মানৱৰ মুখা পিন্ধা পশুৱে
নিজ পিতৃ মাতৃক আশ্ৰয় দিয়ে বৃদ্ধাশ্ৰমত ,

হাঃ হাঃ হাঃ এয়াই কি প্ৰকৃত মানৱৰ মানৱতা...

নৰপিশাচ তহঁতবোৰ
হৃদয় নামৰ এটি কোঠালি তাই তহঁতৰ শৰীৰত ,

তহতিও পৰিবি এদিন নৰকৰ দুৱাৰমুখত ,

আগমন হৈছে এই বিশ্বত এক সংহাৰ কৰোঁতাৰ...

মানৱতাৰ চিনাকী কেনেকৈ দিবি
হেৰৌ অসমীয়া ...

সলনি হবৰ হল
জয়গান গাবৰ হল
মৰমেৰে মাতিবৰ সময় হল...

মা
তুমি
অনন্যা ....

(নাৰীয়েই দেৱী নাৰীয়েই সৃষ্টি
তেওঁৱেই সকলো , তেওঁৱেই আমাৰ প্ৰথম চিনাকি ...
হে মানৱ প্ৰণামো তোমাক .. নাৰীক সন্মান দিয়া ,নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে সংগ্ৰাম কৰা, বৃদ্ধ অৱস্থাত পিতা মাতাক ৰাস্তাৰ কাষৰত এৰি দিয়াৰ দৰে হৃদয়ত আঘাত সনা কৰ্ম ত্যাগ কৰা ... জোনাকৰ দেশলৈ উৰা মাৰা ,সপোন দেখা এখনি সুন্দৰ ৰাজ্য ,দেশ, বিশ্ব গঢ়িবলৈ)


ধন্যবাদ ...

By Ranadeep Koushik | Sep 16, 2017 | Category > Poem >Sad | Comments | Views 194

 
Comments
 

Read More Related Poems

 
 
 
Poem :: Yesterday
 
 
 
 
 
 
 
 
 
 
Poem :: Leaving.
 
 
 
 
 
 
 
 
Poem :: A Tragedy
 
 
 
Poem :: Dad