ব্যৰ্থতাৰ বচন

By বেণুধৰ ৰাভা | Category :: Poem


ব্যৰ্থতাৰ ব্যৰ্থ বচন
ব্যক্ত বিষাদেৰে,
ব্যস্ততাৰ ব্যস্ত বথা
বিলীন বিপথেৰে,
বহিষ্কৃত বিশ্বাস
বাধোন্তা বিধি,
বিৰ্মূত বানুৰ বান্ধোনত__।
বিধে বিধে বিৰচিত
বিলাসী বিণাৰ বিননিত
বিকৃত বে-বিচাৰ
বিচ্ছিন্নতা___,
বিচ্যুত বিচক্ষণ
বিনম্ৰতা বিধৰ্ম্মী
বিজাত বিজ্ঞৰ বিজ্ঞতা!
বিনোদৰ বিপ্লৱত
বিপক্ষতা,
বিমূখ বিফল
বিবৰ্ণ বিৱৰ্তন
বিম্বিত বিষাদিত
বিৰঙী বিশ্বৰ
বিশালতাত___!

✍বেণুধৰ ৰাভা
📞৯৯৫৭৯৬০৪১৩

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 3241

 
Comments
 

Read More Related Poems