ভূপেন দা

By বেণুধৰ ৰাভা | Category :: Poem


ভূপেন দা___
তুমিতো জানাই
তোমাৰ গানৰ সুৰত
আজিও ভ্ৰস্ত হয়
হেজাৰ শ্ৰোতা,
উন্মুক্ত কন্ঠত
যাযাবৰী হৈ
গানৰ পথাৰত সিচিলা তুমি
অব্যক্ত প্ৰেমৰ শ্লোগান!
নিষ্ঠুৰ সময়ে আজি
ৰিঙিয়াই মাতে তোমাক
শুভ্ৰ নীল শব্দবোৰো
অপেক্ষাত অপেক্ষিত হৈ এতিয়াও বিছাৰে
সৃষ্টিৰ বিষ্মিত সৌধবোৰ।
এই মায়া বজাৰত
তোমাৰ উচিত দাম
তুমিহীনতাত হেৰাই
এনাজৰীৰ সুপ্ত ঢাম,
আজি বুঢ়ালুইত
এটি ক্ষুদ্ৰ সুতি হৈ
হেৰাল ব্যস্ততাৰ কোনোবা
অচিন পথাৰত,
নিৰ্ভীকতাৰে
অশ্লীলতাৰ মূখা পিন্ধি
সকোলোৱে লুকাই আজি
ভদ্ৰ মূখাৰ আৰত।
লুইতৰ পৰা মিছিছিপি হৈ
ভল্গাৰে ৰূপ চাওঁতা
বিলুপ্ত হল,
অটোৱাৰ পৰা অষ্টিয়া হৈ
পেৰিচ সাৱতিবলে
সকলো বিফলে ৰল।
সেয়ে তোমাকো প্ৰনাম,
কৰিছো আৰতি
গানৰ মূৰতি হওঁক
চিৰ মূৰতি____।

✍ বেণু

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 3162

 
Comments
 

Read More Related Poems