শ্বিলঙলৈ

By বেণুধৰ ৰাভা | Category :: Poem

আহিবা এদিন
মই লৈ যাম তোমাক
শ্বিলংৰ একাবেকা নিৰ্জন পথেৰে___
মাজে মাজে গাড়ীখন ৰখাই
দুয়ো চেলফি মাৰিম
আমি বিলীন হম এক
অবুজ হেপাঁহত,
শিহৰণবোৰে আকোঁৱালি
লব আমাক,
নিশাবোৰে সাৰে ৰব
কুৱলীবোৰে বাৰে বাৰে
আমনি কৰিব
চেঁচা চেঁচা অনুভৱে
সোৱৰাই দিব শ্বিলংত
আমাৰ প্ৰেমৰ গভীৰতা কিমান,
কিমান গভীৰতালৈ।

✍বেণু

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 3264

 
Comments
 

Read More Related Poems