নিষ্ঠুৰ ড্ৰাইভাৰ

By বেণুধৰ ৰাভা | Category :: Poem


সিদিনা আছিল শনিবাৰ,
জীৱনৰ অন্তিম পথৰ পিনে মই আগুৱাই গৈ আছিলো,
হঠাৎ দেখিলো এজনী আটকধুনীয়া গাভৰুৰ
কাৰ মোৰ ওচৰতে ৰল,
তাই মোক কলে
তাইৰ কাৰৰ হেন্ডিমেন হবলৈ,
নিসংগ যাত্ৰাত ময়ো
তাইৰ কাৰত উঠিলো,
তাইৰ বিচলিত অৱস্থাত
মইয়ে চলাই নিছিলো
তাইৰ কাৰখন সঠিক পথৰ দিশলৈ।
হেন্ডিমেন হিচাপে তাই
মোৰ প্ৰাপ্যখিনি ঠিক মতেই
দিয়ে,
ময়ো তাইৰ সকলো কামতেই অযুত কষ্টৰে সহায় কৰিছিলো,
ড্ৰাইভাৰ আৰু হেন্ডিমেন
আমি সদায় এই সম্পৰ্কতে
থাকিলো,
মই ধনৰ লোভত
কাৰখনৰ হেন্ডিমেন হৈ
পাহৰি থাকিলো নিজ কৰ্তব্যৰ কথা,
মাথো বিলীন হৈ পৰিলো সেই কাৰখনত__।
আমাৰ যাত্ৰা পথত
আকৌ এজন পথৰুৱা ওলাল,
তাক আমি সহায়ৰ হাত
আগবঢ়াই দিলো,
দুদিনৰ পিছত মই
দেখিলো যে ড্ৰাইভাৰে
এতিয়া তাক হেন্ডিমেন বনাইছে,
আৰু মোক কিছু বদনাম দি
কাৰৰ পৰা খেদি দিলে,
আৰু মই চকুপানী মোহাৰি
গুচি আহিলো সেই নিষ্ঠুৰ
ড্ৰাইভাৰৰ কাষৰ পৰা__।


✍ বেণুধৰ ৰাভা

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 4246

 
Comments
 

Read More Related Poems