অই ছোৱালী

By বেণুধৰ ৰাভা | Category :: Poem


অ'ই ছোৱালী
খিলখিলাই হাঁহিছো কিয়,
প্ৰেমত পৰিছা__?
নপৰিবা প্ৰেমত,
নহলে তোমাৰ এই হাঁহি
বিষাদ হৈ ধুমুহাৰ গতিৰে উৰি পৰিবগৈ সুগভীৰ
আটোলান্টিক মহাসাগৰৰ বুকুত।
সেয়ে কৈ দিলো নপৰিবা প্ৰেমত,
নে পৰিছাই___?
এজন দুজনকৈ বহুতৰ প্ৰেমত পৰিছা নেকি
ইমান যে হাঁহি,
অলপ চাবা কিন্তু নহলে পষ্টাবা পিছত।

বয়ফ্ৰেণ্ডক তামিল চিনেমাৰ
হীৰো বুলি নাভাৱিবা
যে দ'ম মতেই কাম হ'ব,
আজিয়েই গৈ তাৰ
পকেটত হাত দি চোৱাচোন,
হয়তো ফুটাকুৰি
এটাও নাপাবা__,
আৰু কিছুমানে যে
কেনেকৈ স্পীডত বাইকখন হাৱাত উৰুৱাই দিয়ে
চাই ভাল লাগে ন__?
কিন্তু নাছাবা__
সিহঁতৰ প্ৰেমত নপৰিবা
নহলে উধাতু খাই বাগৰি পৰিবা কোনোবা মলিয়ন
ডাচবিনত__
আৰে সিহঁতৰ কি আছে__?
বাপেকৰ হোটেলত পেট
মোটা কৰি খোৱা
সিহঁত এটা এটা মালিক
যিয়ে প্ৰকৃত মালিকৰ সন্মান নাশ কৰে,
বাপেকৰ নাম মাটিত পুটি থয়,
সেয়ে ভালে ভালে কৈ দিলো
সিহঁতৰ প্ৰেমত নপৰিবা,
নহলে নিদ্ৰাৰ সপোনবোৰে
চকু নুমুদাতেই সলকি পৰিব তোমাৰ ।

✍বেণুধৰ ৰাভা
📞9957960413

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 3501

 
Comments
 

Read More Related Poems