অৰুণাচলত প্ৰেম

By বেণুধৰ ৰাভা | Category :: Poem


তুমিতো পাহাৰী ছোৱালী
ওখ চাপৰ খোলা বোমা
সৌ সুউচ্চ পাহাৰৰ জীয়ৰী
অৰুণাচলৰ গাভৰু,
চাকৰি সুত্ৰে মই লগ পাইছিলো তোমাক
কোনোবা এক নিৰিবিলি সন্ধিয়াত,
দুয়ো দুয়োতে মগ্ন হৈছিলো
এক মৌ মিঠা কথাৰ আৰত,
এদিন লাজৰ ওৰণি গুচাই
জনাইছিলা তুমি মোক
ভালপোৱাৰ কথা
মোৰ হৃদয়ত প্ৰেমৰ কঠিয়া
সিচি দিয়াৰ কথা__
আৰু মই__?
ময়ো খুলি দিছিলো
মোৰ ভালপোৱাৰ দুৱাৰ
তোমাৰ প্ৰেমৰ আগমনত।
দিনবোৰ ক্ৰমশঃ পাৰ হৈছিল
ৰাতিৰ অন্ধকাৰে বিৰাজ
কৰিছিল,
কিন্তু ভালপোৱাৰ নিৰ্লজতাই
সেয়া সোৱৰাই দিয়া নাছিল।
দিনৰ পিছত দিন
ৰাতিৰ পিছত ৰাতি
পাৰ কৰিছিলো তোমাৰ সতে,
স্নিগ্ধ জোনাকৰ পোহৰেই আছিল আমাৰ সাক্ষী,
চেঁচা অনুভৱৰ কোমল
অনুভূতিয়ে আছিল প্ৰেমৰ জোৱাৰ,
এতিয়াতো আৰু সেই দিন নাই,
অৰুণাচলৰ প্ৰেম মই লৈ
আহিছিলো,
এতিয়া আৰু সেই ক্ষণো নাই
আছে মাথো স্মৃতিবোৰ
ৰুমালৰ ভাজত।
কিন্তু তুমি এতিয়াও
আগৰ দৰেই ধুনীয়া হৈ
আছা জানা,
এতিয়াও অৰুনাচলৰ
সেই লাজুক হাহিঁটো
একেই আছে,
যদিও বাৰ্ধক্যই বাওলি মাতিছে আমাক।

✍বেণুধৰ ৰাভা

By বেণুধৰ ৰাভা | Nov 7, 2016 | Category > Poem >Love / Romance | Comments | Views 3603

 
Comments
 

Read More Related Poems