তোমাতেই বিলীন

By বেণুধৰ ৰাভা | Category :: Poem


মোৰ গানত তুমি
হৃদয় বিদাৰি যোৱা
মোৰ কবিতাত তুমি
তোমাতেই বিলীন আজি
মোৰ তৃপ্ত হৃদয়খনি_____
মই জানো তুমি মোক ভাল নোপোৱা_,
কেতিয়াও নোপোৱা,
স্বপ্নৰ আকাশত তুমি মাথো ভাহি থকা
এটি স্নিগ্ধ তৰা হৈ____!
আজিও অপেক্ষা কৰিছো,
অপেক্ষা কৰিছো মাথো তোমাৰ বাবেই_,
আৰু কিমান থাকিম মই
এই অপেক্ষাৰ দুৱাৰত আজি তুমিয়েই কোৱাচোন ।
অতদিনে কিমান চিঞৰিলো,
কিমান চিঞৰিলো মই তোমাৰ নামত
তোমাক ভালপাওঁ বুলি___
কিন্তু তুমি বৰ নিষ্ঠুৰ,
মোৰ ভালপোৱাৰ কুলিক
চিঙি দিলা তুমি
তীক্ষ্ণ ঢাৰৰ কটাৰিৰে,
সচাকৈয়ে তুমি বৰ নিষ্ঠুৰ।
তথাপিতো মই নোৱাৰো
জীয়াই থাকিব এই সংগ্ৰামী
জীৱনত তোমাৰ অবিহনে____
আজি মোৰ বেদনাৰ জোৱাৰ
দিনে দিনে বাঢ়ি গৈছে,
তুমি আহা মই ৰৈ আছো
জুৰৱাহি মোৰ অশান্ত হৃদয়
প্লিজ আহা মোৰ জীৱনলৈ,
আশাৰ চাকিটি তোমাৰ বাবেই জ্বলাই ৰাখিছো______

✍বেণুধৰ ৰাভা

By বেণুধৰ ৰাভা | Oct 21, 2016 | Category > Poem >Love / Romance | Comments | Views 3631

 
Comments
 

Read More Related Poems