হৰণ

By বেণুধৰ ৰাভা | Category :: Poem


উন্মুক্ত ভাৱেৰে
অব্যক্ত সুৰেৰে
নিতম্বিনী__,
মই নিতান্তে তোমাৰ
গাম শ্লোগান
অকল্পিত অসাৰ প্ৰেমৰ__।
আজি নিদাৰুণ হৃদয়,
নিৰ্বিঘ্নতাৰে কৰিছো হৰণ
তোমাৰ উন্মনা
চঞ্চলে ভৰা চিত
মোৰ নিদান বনত!
কোতো প্ৰযত্নৰে তোমাক
কৰালো প্ৰয়াণ
মোৰ প্ৰৰোচনাৰ প্ৰশান্তত,
শান্তিৰ প্ৰভজ্ঞন
আজি বিচলিত,
প্ৰভাতী নাই প্ৰকৃতিৰ,
বিশ্বনাথে খেদা নাই
মোৰ বিষণ্নতা__!
আছিল স্পপ্ন অযুত
প্ৰাণেশ্বৰী
মনোৰঞ্জিনী,
ঝাঙ্কাৰি উঠিছে আজি,
জঞ্জলিত মোৰ
বিষাদ প্ৰেম।
কৰিলো হৰণ,
মত্ত থাপনাত
তথাপি অশান্ত জোৱাৰ,
কিচ কিচনি কালক্ষণৰ,
ইজ্জতৰ ইচাৰা__,
সৰ্বোহাৰা কানাইৰ চাতুৰি
বিলুপ্ত কাদম্বৰী___।

✍বেণুধৰ ৰাভা

By বেণুধৰ ৰাভা | Oct 21, 2016 | Category > Poem >Love / Romance | Comments | Views 4172

 
Comments
 

Read More Related Poems