প্ৰেমৰ পৃষ্ঠা

By বেণুধৰ ৰাভা | Category :: Poem

এয়া চোৱাচোন
মই প্ৰেমৰ পৃষ্ঠাবোৰ বিছাৰি
কেনেদৰে হাবাথুৰি খাইছো___।

তোমাৰ হয়তো হাঁহি উঠিছে
মোৰ এনে অৱস্থা দেখি___

সিদিনা তুমিয়েতো
চিঙি দিলা মোৰ ৰঙীন
প্ৰেম পৃষ্ঠাবোৰ,
হয়তো ভাবিছিলা চাগে
পৃষ্ঠাবিহীন প্ৰেম মূল্যহীন

কিন্তু তুমি জানো বুজা
প্ৰকৃত প্ৰেমৰ অৰ্থ___?
মই বুজো
মোৰ প্ৰেম মোৰ ভালপোৱা
সদায় চিৰস্হায়ী____!

✍বেণুধৰ ৰাভা
Ph-9957960413

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Love / Romance | Comments | Views 3530

 
Comments
 

Read More Related Poems