দূৰ্গাদেৱী

By বেণুধৰ ৰাভা | Category :: Poem

হে আই দূৰ্গাদেৱী
দিয়া বৰদান__
তোমাৰ দৰে নাই জগতত
বহু শক্তিমান___।

সেয়ে আই বিছাৰিছো
তোমাৰ বৰদান
দয়া কৰি দিয়া মোক
শক্তি অকনমান___!

আছে তোমাৰ আ অলংকাৰ
গাত কাপোৰ কানি
শিৱই দিয়া অস্ত্ৰ ধৰি
অসুৰক মাৰিলা হানি__।

ইমানেই শক্তিশালী আই তুমি
তোমাৰ শক্তিৰ তুলনা নাই,
সেইবাবে সবে তোমাক
প্ৰণাম জনাই____!

✍বেণুধৰ ৰাভা
মজেবাৰী,কামৰূপ

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Love / Romance | Comments | Views 3618

 
Comments
 

Read More Related Poems