Home > Poem > Beauty

প্ৰেম

By বেণুধৰ ৰাভা | Category :: Poem

মোৰো মন যায়
প্ৰেমৰ সেই উচ্চ শিখৰত
উঠি চাবলৈ_____
যত পৃথিৱী খনেই নতুন হৈ পৰে!

যত দেখিবলৈ পোৱা যায়
সুৰুযৰ উঠা নমা খেলা
আৰু দেখিবলৈ পোৱা যায়
সৌ দূৰ নিলীম আকাশত
ৰৈ থকা
সাতৰঙী ৰামধেনুৰ
ৰঙীন পোহৰৰ মেলা__!

কিন্তু সেয়া মাথোঁ কল্পনা
হৈ ৰয়___
মই জানো পাৰিম
প্ৰেমৰ সেই উচ্চ শিখৰত উঠিব__!
তথাপি চেষ্টা কৰো
কিজানি হৃদয়ত
শুই থকা সপোন
দিঠক হৈ যায়ে____!!

✍বেণুধৰ ৰাভা
বিকালী মহাবিদ্যালয়,ধূপধৰা

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Beauty | Comments | Views 1703

 
Comments
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
Poem :: The Dusk