প্ৰেমৰ কবিতা

By বেণুধৰ ৰাভা | Category :: Poem


মই জানো,তুমিও বিছৰা
যিটো মই বিছাৰো___
মোৰ সপোনবোৰেই তোমাৰ সপোন,
আৰু তোমাৰ সপোনবোৰেই
দেখোন মোৰ সপোন___

তথাপি তুমি কিয় এনে কৰা_,
মোৰ হৃদয় খন কিয় জ্বলাই মাৰা_____?

হৃদয় চাই হৈ গলে মতলীয়া
বতাহেও উৰুৱাই নিব পাৰে__,
তুমি জানো এইবোৰ নুবুজা!
আৰু তোমাৰ অভিমানটো?
সৰু সৰু কথাতে
কিহৰ ইমান অভিমান__
নে মোৰ মৰমবোৰেই নুবুজা___
তুমি চোন জানাই
মোৰ হৃদয়ত তোমাৰ বাবেই
আছে এক বিশাল সাগৰ__
আৰু তুমি উঠিব পৰাকৈ
আছে কতো সোণৰ জাহাজ
তথাপি তুমি নুবুজা মোক
কেৱল অভিমানৰ সাগৰত
জাহ যোৱা______!

✍বেণুধৰ ৰাভা
মজেবাৰী,কামৰূপ

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2263

 
Comments
 

Read More Related Poems