সহজতে

By Arun Rava | Category :: Poem

সহজতে
হৃদয়ত আঁকি লব পাৰিম এখন ধুনীয়া ছবি ।
অথবা লিখিব পাৰিম প্ৰেমৰ কবিতা
প্ৰেমৰ গান।


সহজতে
মৰমৰ এনাজৰীৰে তোমাক
আটি আটি বান্ধিব পাৰিম
ভাল পোৱাৰ সাঁকো ।

সহজতে
সপোনৰ কাৰেংঘৰ সাজি
উমলি থাকিব পাৰিম তোমাৰ সতে ।

By Arun Rava | Oct 13, 2016 | Category > Poem >Love / Romance | Comments | Views 1725

 
Comments
 

Read More Related Poems