সাগৰিকা দাস

By বেণুধৰ ৰাভা | Category :: Poem


সাগৰিকা_____
তুমি সচাকৈয়ে বৰ ধুনীয়া
তোমাৰ ৰূপ
আৰু যৌৱনৰ ছবি
আকিব নোৱাৰোঁ মই
মোৰ স্বপ্ননীল কবিতাৰ বুকুত___!

সাগৰিকা____
তোমাৰ মিচিকিয়া হাঁহিত
ভাহি উঠে নিশাৰ স্নিগ্ধ
জোনাকৰ সেমেকা পোহৰ,
আৰু মোৰ ক্ষুদ্ধ হৃদয়
হৈ পৰে মুগ্ধ তোমাৰ কণ্ঠৰ
হেজাৰ লহৰত_____!

সাগৰিকা____
মই প্ৰেমিক তোমাৰ,
সংগ্ৰামী জীৱনত
নিষ্ঠুৰ ভাবে মাগিছো মই
প্ৰেমৰ ভিক্ষা জীৱন ব্যৰ্থৰ ভয়ত____।
জানা সাগৰিকা
তোমাৰ সেই নিমজ গালত মই
সানি দিব খোজো ফুলৰ ৰহণ,
আৰু যৌৱনে ভৰা দেহত তোমাৰ
আকি দিব খোজো প্ৰেমৰ চাপ____!

সাগৰিকা___
তুমি নকৰিবা বহিঃস্কাৰ
মোৰ ক্লান্ত হৃদয়ক,
মই যে এতিয়াও মগ্ন
তোমাৰ হৃদয়ৰ গভীৰতাত__।

তুমি চচমা যোৰ পিন্ধিলে
জানা সাগৰিকা___
ৰঙীন হৈ পৰা এই বিশ্বজননীত,
আৰু তোমাৰ দ' ওঠঁত
হাঁহি বিৰিঙিলে সাত সাগৰতো যেন
অশান্ত হৈ
পৰে শান্ত উৰ্মিমালা______।

সাগৰিকা______
তোমাৰ বাবে পাগল কলেজৰ
প্ৰেমিক ডেকাবোৰ,
তোমাৰ অভিমানৰ পুখুৰীত
স্নান কৰিব খোজে,
আৰু উৰুৱাই দিব খোজে
তোমাৰ হৃদয় দলিচাত
স্বচ্ছ প্ৰেমৰ শুক্ল
পতাকা______

সাগৰিকা____
মই জ্ঞাত তোমাৰ চিত বাৰ্তাবোৰ____
মোৰ কবিতাই আকাশ লংঘিব পাৰে,
ৰক্ত হৈ সোমাব পাৰে
নিৰ্বলী শৰীৰত__
প্ৰেমৰ বৰষা হৈ নামিব পাৰে
নিৰ্দয়ী হৃদয়ত,
অৱস্থান কৰিব পাৰে সুউচ্চ
হিমালয়ৰ শুকুলা টিঙত
কিন্তু আজিও ব্যৰ্থ মই
তোমাৰ শিলাময় হৃদয়ৰ
আৱৰণ ভঙাত______

সাগৰিকা____
মোৰ শব্দ চন্দৰ অযুত
কবিতা তোমাৰ তেজত
নহয় বন্দী,
মাথোঁ বতাহৰ দৰে
চুই যায় তোমাৰ
চৰণ আচম্বিতে_____

সাগৰিকা____
তোমাৰ লাহৰী খোজত
স্বপ্ন জাগৰিত মোৰ
মায়াবী নিদ্ৰাত,
আৰু তোমাৰ ঘন কলা চুলিত
স্তব্ধ হয় ব্ৰত মোৰ দৰে
পাগল জোৱানৰ____

তোমাৰ লিহিৰি আঙুলিত
জেতুকাৰ বোল নাই,
শুভ্ৰ দুগালত নাই
চঞ্চলতাৰ চিন,
অসীমত বিৰাজ তোমাৰ
মোহময় শৰীৰে
আবিৰ সানিছেহি আজি
যৌৱনৰ ঢোলত_____

সাগৰিকা___
মই প্ৰেমৰ পূজাৰী
হৃদয় থাপনাত মোৰ
মূৰ্ত্তি তোমাৰ,
আলিংগন কৰিছো জোঙা
অস্ত্ৰৰ ঢাৰেৰে____

সাগৰিকা____
তোমাৰ প্ৰেমত মই নিৰ্বিকাৰ
জীৱনৰ প্ৰতিটো চন্দে চন্দে
থাকিবা মোৰ সমন্বিতে,
যন্ত্ৰণাৰ জীয়া মন্ত্ৰ
বুকুত লৈ
সৰ্ব্বকাল নিতে____

তুমি নহবা সাগৰিকা
প্ৰেমৰ হ্ৰিংস্ৰ যোদ্ধা__,
নিদিবা পথাৰত ৰণৰ সংকেত
বৰটোপ হিলৈৰ ধ্বনি,
মই যে নহয় শত্ৰু তোমাৰ
আতংকত চুৰমাৰ
হবলৈ____,
মোৰ অস্ত্ৰ প্ৰেম শাস্ত্ৰ
প্ৰেমেৰেই কৰিম বশ
তোমাৰ ক্ষুদ্ৰ হৃদয়______

সাগৰিকা____
মই শুনো তোমাৰ পাৱ ভৰি
থকা পাৱেলৰ ধ্বনি__,
ৰিণিকি ৰিণিকি
আলসুৱা মেঘৰ দৰে ভাহি
আহে মোৰ কৰ্ণ পৰ্দাৰ
সীমান্তত_____

মোৰ প্ৰেম পৰীক্ষা
তুমিও কৰিব পাৰিবা সাগৰিকা
শ্ৰীকৃষ্ণৰ দৰে অযধ্যাৰ
জুইৰ লেৱৰটৰিত___
মোৰ চেনেহী সাগৰিকা
তুমি নিৰৱ গভীৰ সাগৰৰ দৰেই,
কেতিয়াও ক্ষান্ত নোহোৱা মোৰ
অন্ত প্ৰেমত___
মাথোঁ বৈ যোৱা নিৰন্তৰে
স্ৰতস্বিনীৰ দৰে___
বিমূৰ্ত হৈ আপোন কৰ্তব্যত!

সাগৰিকা_____
তুমি বাৰু কি সুতাৰে
বান্ধিলা মোৰ সুকলম হৃদয়,
মুক্তিৰ কঠোৰ চেষ্টাও দেখোন
আজি পৰাজয়___,
মাথোঁ অপৰাজেয়
উন্মুক্ত ভাৱেৰে লিখা মোৰ
জলন্ত প্ৰেমৰ শ্লোগান_____

সাগৰিকা___
তুমি বাৰু প্ৰেমিক নেকি
এশবিংশ শতিকাৰ__,
নৱ নৱ প্ৰভাতৰ
নৱ প্ৰেম বন্ধনত
তোমাৰ হৃদয় বিচ্যুৎ কিয়,
অস্ত যোৱা বেলিৰ দৰে
অদৃশ্য হৈ কিম্বা
ভাৱনাৰ স্বপ্নত মোৰ
কিয় অন্ধকাৰৰ
অন্ধ চালি ওলোমাই দিয়া____

সাগৰিকা____
নহব পাৰে মোৰ
অৰ্থৰে ভৰা বিশাল কোঠালি,
হাৱাত উৰিব পৰা
দুচকীয়া বাহন___
মই যে নহয় কোনো মহাজনৰ মহান পুত্ৰ,
কিন্তু মোৰ আছে
এখনি হৃদয়
মোৰ প্ৰতিটো কথাৰ
পৃষ্ঠাৰ ভাজত গমি চালে
দেখিবা তাৰেই ইংগিত___

সাগৰিকা ____
হয়তো অবুজন তুমি
মোৰ বুজন ভাষাত,
অভিধানৰ অভিধান পাত
কৰিও দেখোন নাপালো
তোমাৰ চিনাকি শব্দৰ শিকলি____

সাগৰিকা____
তোমাৰ ক্ৰধ জলামুখি হৈ
স্বচ্ছ নয়ন ঘাতেৰে
পাৰ ভাঙি বৈ আহিব খোজে,
আৰু তোমাৰ অহংকাৰ,
নাই নাই ময়েই কৰিম সেয়া বিনাশ,
মোৰ অহংকাৰী
চিৰচেনেহী______

সাগৰিকা____
তোমাৰ কোমল ঘাহনিত
ৰুচীৰে বান্ধিব খোজো মোৰ
চঞ্চল হৃদয়ক___,
জানা সাগৰিকা,
আৱেগত উতলা মই
প্ৰেমৰ পিয়াহত ভ্ৰষ্ট তোমাৰ,
অনাকাংশিত আশা
সৃষ্টিৰ দুৱাৰত
অচিন প্ৰলয়ে দিয়েহি খুন্দা______

সাগৰিকা__
তোমাৰ ৰঙা ওঠত
নতুনত্বৰ সপোন__,
সৃষ্টি হয় অকাল ভাবনাত
অযুত কল্পনাত অজানিতে__

আৰু জানানে সাগৰিকা
মোৰ নষ্ট চৰিত্ৰৰ কথা__,
মই অংকন কৰিব খোজো
এটি চুম্বন__,
হাঁহি বিৰিঙা তোমাৰ
পিছল ওঠৰ বাকৰিত____

সাগৰিকা____
মই মানৱ,নহয় দানৱ,
কোনো পাশৱিক শক্তিৰে
প্ৰহাৰ কৰি নকৰো ৰক্তপান মই
তোমাৰ কেঁচা কলিজা____

মোৰ চিফুং বাঁহীৰ কৰুণ সুৰত
নিৰলে বৈ যোৱা
অশ্ৰুধাৰাৰ সোঁতত
ঢালি দিয়ানা সাগৰিকা
এমুঠি হাঁহিৰ খোৰাক_____

মোৰ যাত্ৰা পথত___
এয়া অন্ধকাৰ আৰু
অন্ধকাৰ নামিছে,
অমাৱস্যাৰ এই ৰাতিত
এগচি বন্তিৰে
তুমি পাৰিবা নিক্ষেপ কৰিব
মোৰ শত্ৰু এন্ধাৰক,
কিন্তু তুমি যে নুবুজা
বন্তিৰ শিখাত
উত্তাপৰ প্ৰখৰ কিমান_____

সাগৰিকা দাস___
তুমি জানো বুজিবা
মোৰ তেজস্বী কবিতাৰ তেজাল অৰ্থ___,
হয়তো নুবুজিবা চাগে,
মোৰ শব্দৰ মায়াজাল
তোমাৰ হেমকোষত যে
আজিও অদৃশ্য___

সাগৰিকা_____
মই আকাশী চৰাই,
আকাশৰ বিশালতাত মোৰ
সৃষ্টিৰ চানেকি,
চঞ্চলতাৰে দেউকা মেলি
খেপিয়াই ফুৰিছো মই
তোমাৰ সুৱাস বিছাৰি,
সাগৰিকা মই নিবিচাৰোঁ
মহাশূন্যত শূন্যতাৰ স্থল
মাথোঁ বিছাৰো তোমাৰ
হৃদয়ত মৰম ভালপোৱা আৰু আকুলতাৰ বৃহৎ জোৱাৰ...........
____________________
✍0বেণুধৰ ৰাভা
বিকালী মহাবিদ্যালয়,ধূপধৰা
Ph-9957960413

By বেণুধৰ ৰাভা | Sep 29, 2016 | Category > Poem >Love / Romance | Comments | Views 2568

 
Comments
 

Read More Related Poems