Home > Poem > Nature

শৰৎ

By বেণুধৰ ৰাভা | Category :: Poem

শৰৎ তুমি আকৌ আহিলা।
বৃষ্টিৰ সৰু সৰু টোপালবোৰ,
চেঁচা চেঁচা কুৱলীবোৰ,
আকৌ নমাই আনিলা
এই ধুনীয়া ধৰাৰ বুকুত
সংগোপনে_____।

শৰৎ___!
তুমি মোৰ নিচেই আপোন,
তুমিয়েই এই মৰতত ৰচাহি
নৱ নৱ সপোন।
তোমাৰ প্ৰেমিকা সেই
শুকুলা শেৱালী,
আশাৰে বাট চায়
মাথোঁ তোমাৰ বাবেই,
এতিয়া তুমি আহিলা
শেৱালীৰ ওঁঠত
ৰঙীন হাঁহি তুলি দিলা___!

সেই দুবৰিক চুমি থকা
নিয়ৰৰ ফুলবোৰ,
জিলিকি থকা মুকুতা মণিবোৰ,
হয়তো তোমাৰেই আলিঙ্গনৰ খেলা,
আৰু চোতাল ভৰি থকা
শেৱালীবোৰ তোমাৰেই প্ৰেমিকাৰ মেলা____,
মনৰ মাজতে গোপনে গোপনে পাঙি লোৱা
তোমাৰেই হয়তো লীলা খেলা___॥


✍0বেণুধৰ ৰাভা
📞৯৯৫৭৯৬০৪১৩

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Nature | Comments | Views 2930

 
Comments
 

Read More Related Poems

Poem :: Vital x9
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
Poem :: Jottings