Home > Poem > Nature

কহুঁৱা

By বেণুধৰ ৰাভা | Category :: Poem


এচাটি অচিনা প্ৰেমৰ
বতাহত মাতাল হৈ
মোৰ বুকুত কহুঁৱা হালিছে....
নাচিছে বাগিছে
আনন্দত মতলীয়া হৈ
অচিনা সুৰ তুলিছে
মোৰ হৃদয় বীণাত.....!

কিন্তু কিমান দিন?
মোৰ এই মনৰ কহুঁৱা
নিষ্ঠুৰ সময়ে হয়টো
কাঢ়ি লৈ যাব....,
চঞ্চল ফাগুনেও
সময়ৰ সৈতে খোজ লৈ
উদং কৰি যাব
মোৰ কহুঁৱাৰে ভৰা
মনৰ দলিচা.....!
__________________
✍বেণুধৰ ৰাভা
📞৯৯৫৭৯৬০৪১৩

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Nature | Comments | Views 1955

 
Comments
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
 
Poem :: Jottings