ফেচবুক পাগল মই

By বেণুধৰ ৰাভা | Category :: Poem

সকলোৱে কয়
মই হেনো ফেচবুকৰ পাগল,
অ পাগল,পাগল মই!
ফেচবুকৰ সেই সুন্দৰী
নাৰীৰ প্ৰতি নহয়,
নহয় পাগল কোনোবা
চলনাময়ী যুৱতীৰ এটি
ৰসাল মেছেজৰ বাবে,
মই পাগল সেই ফেচবুক
প্ৰেমিকৰ বিশাল হ্ৰদয়ৰ
পৰা সৃষ্টি হোৱা
ৰং-বিৰঙৰ অযুত কবিতাৰ
ভাষাত...।
তহঁতে কত বুজিবা বে...,
আৰে ভাই তহঁতেতো কেবল
সেই ৰঙীন অশ্লীল ফটোবোৰতে
মাতাল হৈ যোৱা.....।
কিন্তু মই....?
মই যে ফেচবুকৰ কোলাতে পাওঁ
জীয়াই থকাৰ এক
নতুন প্ৰেৰণা,
নতুন ভাৱনা,
আৰু নতুন চিন্তা ধাৰণাৰ
এক বৃহৎ জোৱাৰ।

মই জানো আমি সকলোবোৰেই
এই ধুনীয়া
পৃথিৱীৰ বুকুত,
কিন্তু মই যে ওলোটা।
মই দেখো এই ধুনীয়া পৃথিৱীখন
সেই ক্ষুদ্ৰ এটি
এনড্ৰইড মোবাইলৰ
ফেচবুকৰ জালত.....
সেয়ে হয়টো মই পাগল
এই মায়াবী ফেচবুকৰ জগতত....।।

✍বেণুধৰ ৰাভা
📞৯৯৫৭৯৬০৪১৩

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2128

 
Comments
 

Read More Related Poems