তুমি হাহিঁলে

By বেণুধৰ ৰাভা | Category :: Poem

তুমি হাঁহিলে
মোৰ মন নাচি উঠে,
প্ৰাণ পাই উঠে
শুকান বালিত পোত খাই থকা
মোৰ ৰঙীন সপোনবোৰ....
আৰু মোৰ মন সাগৰতো
এক অচিনাকী জোৱাৰে
প্ৰচণ্ড ঢৌ তোলে...
যি ঢৌত ভাহি আহে
তোমাৰ জোন যেন লগা মূখনি....

তুমি হাঁহি দিলে
মোৰ কুমলীয়া মনে
ধুমুহাৰ গতিৰে উৰি যায়
তোমাৰ কাষলৈ,
কি বিচাৰি সেয়া মইয়ো নেজানো....
জানো মাথোঁ সেয়া
তুমি হাঁহি দিলে
মই প্ৰেমৰ বৰষাত তিতি যাওঁ !

✍ বেণুধৰ ৰাভা
গাওঁ-মজেবাৰী
জিলা-কামৰূপ
ডাকঘৰ- পাছিয়া
পিন-781135

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2482

 
Comments
 

Read More Related Poems