পদুলিলে

By বেণুধৰ ৰাভা | Category :: Poem


এদিন আহিবা চোন
মোৰ নিজান পদুলিলে,
পদুলিত ফুলি থকা
নাহৰ তগৰৰ সুবাস লৈ
চাৱাহিচোন মোৰ উৰুঙা
পজাৰ দুয়োকাষে,
দেখিবা মোৰ ৰঙীন বাগিচাৰ ফুলবোৰে
তোমাক ৰিঙিয়াই মাতিছে,
ফুলবোৰে যেন মতলীয়া হৈ পৰিছে
তোমাৰ আগমনত!

সচাকৈয়ে এদিন আহিবাচোন
মোৰ পদুলিলে,
এচাটি মলয়া বতাহৰ সৈতে
নৈ আহিবাচোন
এজাক প্ৰেমৰ বৰষা,
হয়তোবা সেই বৰষাত মাতাল হৈ
ফুলবোৰে চিৰদিন ফুলি ৰয়ে,
চিৰদিন হালি জালি ৰয়ে।

✍বেণুধৰ ৰাভা
দুৰভাষ-৯৯৫৭৯৬০৪১৩

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2100

 
Comments
 

Read More Related Poems