তুমি আহিছিলা এজাক বৰষুণ হৈ

By বেণুধৰ ৰাভা | Category :: Poem



সৌ সিদিনা
মোৰ জীৱনলৈ তুমি
এজাক বৰষুণ হৈ
ধাৰাসাৰে নামি আহিছিলা___
লগত লৈ আহিছিলা
কতো যে বাসনা,
কতো প্ৰেম আৰু বহু ভালপোৱা______।
তোমাৰ সেই প্ৰেমৰ বৰষাই
মোৰ শুকান মৰুভূমি
জীপাল কৰিছিল__,
আৰু কতো যে প্ৰেমৰ বীজ
গজালি মেলিছিল,
কিন্তু সেই গজালি
ফুল নুফুলাৰ আগতেই মৰহি গল____,
জানোঁচা তোমাৰ বাবেই,
হয়তো তুমি প্ৰেমৰ বৰষুণ জাক আৰু নিদিয়া___,
কিন্তু সেই প্ৰেমৰ বৰষুণ জাক পালে,
মোৰ হৃদয়ৰ মৰহা ফুলে আকৌ গজালি মেলিব,
অপেক্ষা মাথো বৰষুণ জাকৰ_________।
🌸🌾☔🙏0☔🌾🌞


✍বেণুধৰ ৰাভা
বিকালী মহাবিদ্যালয়, ধূপধৰা
Ph-9957960413

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2012

 
Comments
 

Read More Related Poems