তোমাৰ অপেক্ষাত

By বেণুধৰ ৰাভা | Category :: Poem

তোমাৰ অপেক্ষাত☄
____________________
মোৰ দুচকুৰে
চকুলো নিগৰে,
এটি বোৱতী নদীৰ দৰে____,
পাৰ ভাঙি আহিব খোজে
বেদনাৰে উপচি পৰা ঢল
মোৰ নয়নজুৰিৰ
স্বচ্ছ ঘাটেৰে_____।

তথাপিতো মই
তোমাৰেই অপেক্ষাত,
ৰৈ আছো প্ৰেমৰ কোনোবা মোহনাত_______,
কিজানি তুমি আহি
সেই মোহনাতেই মাতাল হৈ
আকৌ বিলীন হোৱা
মোৰ নিসংগ হৃদয়ত_____।

✍0বেণুধৰ ৰাভা
📞৯৯৫৭৯৬০৪১৩
Bikali college,dhupdhara

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2398

 
Comments
 

Read More Related Poems