Home > Poem > Hope

জাগা

By বেণুধৰ ৰাভা | Category :: Poem

নিদ্ৰাত মগ্ন তুমি
এন্ধাৰক খেদিবা কেনেকৈ___,
ঘন অন্ধকাৰে ছানি ধৰা
কঠোৰ বাটত তুমি
চিনিব পাৰিবা জানো নিজক_____!

দেশৰ হাজাৰ জনতা,
তৰা ফুলা সপোনৰ আকাশক
তুমি আতৰাই দিয়া_____,
জগাই তোলা আশাৰ কোমল পাপৰিক,
খেপিয়াই ফুৰা
গভীৰ অৰণ্যৰ মাজত,
এদিন নিশ্চয় দেখিবা
সূৰ্য্যৰ স্নিগ্ধ কিৰণ
পুৱ আকাশৰ বিশাল বুকুত___॥

✍0বেণুধৰ ৰাভা
বিকালী মহাবিদ্যালয়, ধুপধৰা(গোৱালপাৰা)
Ph-9957960413

By বেণুধৰ ৰাভা | Sep 14, 2016 | Category > Poem >Hope | Comments | Views 1969

 
Comments
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
Poem :: RISE UP
 
 
 
 
Poem :: hope