Home > Poem > Nature

মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ

By PRANAB JYOTI BORAH | Category :: Poem

***************মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ***************
ණ প্ৰণৱ জ্যোতি বৰা

বহু দিন প্ৰতিক্ষাৰ পিছত তোমাক মই পালো লগ,
পিছে এয়া কি ! দুদিন নহওতেই তুমি আতৰি যাবলৈ ওলালা !
মইনো তোমাক ইমানেই আমনি কৰো নে দেহাটো !!
যাৰ সংগত পাওঁ স্বৰ্গীয় সুখৰ অনুভূতিবোৰ সেইয়া কোন!
যাৰ আশ্ৰয়ত মোৰ মন উলাহতে নাচি বাগি উঠে সেইয়া কোন!
সেইয়া আন কোনো নহয়, সেইয়া তুমিয়েই।
তুমিতো জানাই যে মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ।

তুমি এদিন মোৰ কাষত নাথাকিলেও তোমাৰ স্পৰ্শৰ
অনুভূতি বোৰেই মোক সতেজ কৰি ৰাখে।
তুমি জানানে মই যে তোমাৰ স্পৰ্শ হেৰুৱাৰ ভয়ত
দৈনিক স্নানৰ পৰাও বিৰত থাকো।
তোমাৰ লগত কটোৱা প্ৰতিটো নিশাৰ অন্তত যেন
জন্ম পায় এক নতুন দিগন্তই, আৰু যাৰ লগত
বেলিৰ সতে সদাই পুৱাতে খেলো লুকা-ভাকু খেলা।

পুৱাতে মুখ ধুবলৈ লোৱা মগটোত,
খাবলৈ লোৱা পানীৰ গিলাচটোত,
স্নান কৰিবলৈ লোৱা পানীৰ টিং টোত,
দেখা পাওঁ মাথোঁ তোমাৰেই ছবি।
আৰু ক'ত ক'ত যে তোমাক নেদেখোঁ, অন্তই নাই।
তুমি মোক দিয়া তোমাৰ মুল্যবান সময়খিনি জানো
আন কাৰোবাক দিব পাৰিবা, কোৱা!

যিদিনা মোক বিচাৰি নাপাবা সেইদিনা হয়তো তুমি বুজিবা
লাগে যদি মোৰ খবৰ সেইদিনা সন্ধ্যা তৰাকে শুধিবা।
খিৰিকিৰ ফাকেৰে পদূলিলৈ চাই নাথাকিবা দেই ৰৈ,
দুৱাৰ মুখৰ তুলসীৰ তলত বহি কেতিয়াও নাথাকিবা কান্দি।
উভতি উভতি স্মৃতিৰ কথা মনলৈ আনি তুমি নহবা উদাৰ,
মন বেদনাৰ সকলো দুঃখ ঢাকিথৈ পাৰিলে হাঁহিবা এবাৰ।
মোক কাষত নাপালেও নকৰিবা দুঃখ, একোকে নাচাবা তুমি,
যদিহে পাৰা সেইদিনা মাথোঁ মই লিখা কবিতাকে পঢ়িবা এবাৰ।

কোনেনো কয়, কিয় বা কয়- শীতৰে সেমেকা ৰাতি !
মোৰ বাবে পিচে তুমি এক আনন্দময় ৰাতি,
তুমি এক প্ৰেৰণাময় ৰাতি, তুমি এক স্বতঃস্ফুত পৰিপক্ক ৰাতি।
সচাকৈয়ে তোমাৰ সংগতে পাওঁ স্বৰ্গীয় সুখৰ অনুভূতিবোৰ।
তোমাক কম্বলৰ ভিতৰত লৈ শুই শুই দাতে দাত লগাই
ভালপোৱা এটি সুৰ গুনগুনাই থকা নিশা বোৰ,
গা-ধুবলৈ লওঁতে গুনগুনাই থকা- "ঠাণ্ডা ঠাণ্ডা পানী চে
নাহানা নেহি চাহিয়ে" ইত্যাদিবোৰ পাও মাথো
শীতকালৰে আনন্দময় দিনত।
হয় শীতকাল মই তোমাক প্ৰাণ ভৰি ভাল পাওঁ।

By PRANAB JYOTI BORAH | Dec 23, 2015 | Category > Poem >Nature | Comments | Views 4505

 
Comments
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
 
Poem :: Jottings